Last update:
৩২ বছৰীয়া বুমৰাহে শেহতীয়াকৈ ভাৰতৰ টি-২০ বিশ্বকাপত চমকপ্ৰদ প্ৰদৰ্শন দেখুৱাইছিল। তেওঁ দলৰ খিতাপ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ফাইনেলত ‘প্লেয়াৰ অব্ দা মেচ’ হিচাপে নিৰ্বাচিত হৈছিল।
Indian Premier League ২০২৬ ছিজনৰ প্ৰথমখন মেচৰ ঠিক আগে আগে মুম্বাই ইণ্ডিয়ানছ দলত পুনৰ যোগদান কৰিছে। মুম্বাই ইণ্ডিয়ানছে দেওবাৰে ৱাংখেড়ে ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব। বুমৰাহে শুকুৰবাৰে সন্ধিয়া দলত যোগ দিয়ে আৰু আশা কৰা হৈছে যে শনিবাৰে তেওঁ প্ৰথম অনুশীলনত অংশ ল’ব।
শুকুৰবাৰে তেওঁ দলৰ সৈতে অনুশীলন কৰা নাছিল, কাৰণ তেওঁক বেংগালুৰুস্থিত চেণ্টাৰ অব্ এক্সেলেঞ্চত ৰিপোৰ্ট কৰিবলৈ কোৱা হৈছিল। তেওঁৰ ৱ’ৰ্কলোডৰ ওপৰত বিশেষ নজৰ ৰখা হৈছিল। ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ মতে, “তেওঁ শুকুৰবাৰে নিশা মুম্বাই ইণ্ডিয়ানছৰ সৈতে যোগদান কৰিছে “”
৩২ বছৰীয়া বুমৰাহে শেহতীয়াকৈ ভাৰতৰ টি-২০ বিশ্বকাপত চমকপ্ৰদ প্ৰদৰ্শন দেখুৱাইছিল। তেওঁ দলৰ খিতাপ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ফাইনেলত ‘প্লেয়াৰ অব্ দা মেচ’ হিচাপে নিৰ্বাচিত হৈছিল। তাৰ পাছত মেডিকেল ষ্টাফে তেওঁক ফিটনেছ আৰু কণ্ডিশ্যনিঙত গুৰুত্ব দিবলৈ কিছু সময় চেণ্টাৰ অব্ এক্সেলেঞ্চত থাকিবলৈ পৰামৰ্শ দিছিল। আইপিএলৰ পাছত ভাৰতে আফগানিস্তানৰ বিৰুদ্ধে এটা সৰু ছিৰিজ খেলিব আৰু তাৰ পাছত জুলাই মাহত ইংলেণ্ড ভ্ৰমণ কৰিব। এই ক্ষেত্ৰত ব’ৰ্ডে বুমৰাহে ৱ’ৰ্কলোড সন্দৰ্ভত সাৱধানতা অৱলম্বন কৰিছে আৰু গোটেই আইপিএল সময়ছোৱাত তেওঁৰ সৈতে যোগাযোগ ৰাখিব।
বুমৰাহ মুম্বাই ইণ্ডিয়ানছৰ আটাইতকৈ গুৰুত্বপূর্ণ খেলুৱৈসকলৰ মাজৰ এজন। তেওঁ এতিয়ালৈকে দলটোৰ বাবে ১৮৬টা উইকেট লাভ কৰিছে। এই দুমহীয়া প্ৰতিযোগিতাত পুনৰ এবাৰ দলটোৱে তেওঁৰ পৰা দৰ্শনীয় প্ৰদৰ্শনৰ আশা কৰিছে। পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে শুকুৰবাৰে ৱাংখেড়ে ষ্টেডিয়ামত জোৰদাৰ নেট অনুশীলন চলাইছিল। ইয়াত প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা, বৰ্তমান অধিনায়ক হাৰ্দিক পাণ্ডিয়া আৰু টি-২০ অধিনায়ক সূৰ্যকুমাৰ যাদৱে নেটছত দীঘলীয়া সময় অতিবাহিত কৰিছিল। বিদেশী খেলুৱৈ উইল জেক্স আৰু মিছেল ছেণ্টনাৰে এতিয়াও দলত যোগদান কৰা নাই। মুম্বাই ইণ্ডিয়ানছে এইবাৰ নিজৰ উদ্বোধনী মেচৰ ৰেকৰ্ড সলনি কৰিব বিচাৰে, কাৰণ ২০১২ চনৰ পাছত দলটোৱে প্ৰথম আইপিএল মেচ জয় কৰিব পৰা নাই।
IPL পূৰ্বে ক’ত আছিল যশপ্ৰীত বুমৰাহ? কেতিয়া খেলিব মুম্বাই ইণ্ডিয়ানছৰ হৈ প্ৰথমখন মেচ?
